Рет қаралды 8,497
অৱশেষত ৰঙাঘৰলৈ অসমীয়া ভাষাক বাৰে বাৰে অপমান কৰা অতি বিতৰ্কিত স্বয়ম্ভু বাঙালী নেতা প্ৰদীপ দত্ত ৰয়। আদালতেও নাকচ কৰিলে প্ৰদীপ দত্ত ৰয়ৰ জামিন। ১০ ডিচেম্বৰলৈকে কাৰাগাৰতে থাকিব লাগিব নেতাজন। কিন্তু গ্ৰেপ্তাৰৰ পিছতো সেই একেই আস্ফালন প্ৰদীপ দত্তৰয়ৰ। এইবাৰ তেওঁ বিচাৰিলে মমতা বেনাৰ্জীৰ হস্তক্ষেপ। প্ৰদীপ দত্তৰয়ৰ কৰ্মকাণ্ডৰ আঁৰত গভীৰ ৰাজনৈতিক ষড়যন্ত্ৰ থকা বুলি মন্তব্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।