Рет қаралды 100
এ আই ইউ ডি এফ দলৰ সন্মানীয় সভাপতি হজৰত মৌলানা বদৰুদ্দিন আজমল চাহাবে পৱিত্ৰ হজ্জৰ পৰা উভতিয়ে জনগণৰ কাষত থিয় দিছে। বানপানীয়ে সৃষ্টি কৰা বিভীষিকাময় পৰিস্থিতি আৰু সমসাময়িক বিষয়বোৰ বুজ লোৱাৰ ১০ দিনীয়া কাৰ্যসূচীৰ প্ৰথম দিনৰ অংশ স্বৰূপে আজি চেঙা সমষ্টিৰ ৰৌমাৰী পঞ্চায়ত এলেকাৰ চেনিমাৰী চৰ, তাৰাবাৰী চৰ আৰু গোমা চৰৰ কেইবাটাও আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰে আৰু আজমল পৰিয়ালৰ তৰফৰ পৰা বন্যাৰ্ত ৰাইজক কিছু সাহায্য আগবঢ়ায়। তেখেতে কয় যে, নিৰ্বাচনত হৰা-জিকা বেলেগ কথা, কিন্তু বিগত ৪২ বছৰৰ পৰা আজমল পৰিয়াল মানুহৰ কাষত সহায়ৰ হাত লৈ সদা আৰু সর্বদা থাকিছে আৰু অনাগত দিনতো নিশ্চিত ভাৱে থাকিব। উল্লেখযোগ্য যে এই কাৰ্যসূচীত দলৰ দুই জ্যেষ্ঠ বিধায়ক হাফিজ বছিৰ কাচিমি চাহাব আৰু ড° হাফিজ ৰফিকুল ইছলাম চাহবেও সংগ দিয়ে।