মৰিগাৱৰ তিৱা মহিলা সকলৰ দ্বাৰা ভাওনাৰ প্ৰস্তুতি

  Рет қаралды 1,300

জুয়ে পোৰা সোণ Jui a poora soon

জুয়ে পোৰা সোণ Jui a poora soon

Күн бұрын

মৰিগাঁও জিলাৰ ঔজাৰী অঞ্চলৰ মহিলাসকলৰ মাজত ব্যস্ত। মহিলা সকলৰ ৰ'বলৈ সময় নাই। কাৰোবাৰ মুখত যদি নান্দী,সিন্ধুৰাৰ সুৰ, আকৌ কাৰোবাৰ মাজত কৃষ্ণ, ধৃতৰাষ্ট্ৰৰ সংলাপ। মাথোঁ ব্যস্ততা।আজিৰ পৰা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে ৫৫০ বছৰৰ আগতেই অসম মুলকৰ অনাক্ষৰী লোকসকলক একতাৰ এনাজৰীয়ে বান্ধি ৰাখিবলৈ নাট ভাওনাৰ সৃষ্টি কৰিছিল। অংকীয়া নাটৰ সৃষ্টিয়ে নৰসমাজক এক নতুন নাট্য ধাৰাৰ ৰস আস্বাদন কৰোৱা গুৰুজনাৰ পৰৱৰ্তী পণ্ডিত সকলে পিছৰ পৰ্যায়ত বহুতো নাট ভাওনাৰ ৰচনা কৰিলে। কালক্ৰমত অংকীয়া নাটতকৈ মাতৃভাষাত অধিক নাট ৰচনা হ'বলৈ ধৰিলে।আজিৰ তাৰিখত মাতৃভাষাত ৰচিত নাট ভাওনা বহুলভাৱে প্ৰচাৰ হোৱা দেখা গৈছে। সেই আদৰ্শেৰে মৰিগাঁও জিলাৰ ঔজাৰী অঞ্চলৰ মহিলাসকলে ১৬ অক্টোবৰত প্ৰদৰ্শণ কৰিব ধৃতৰাষ্ট্ৰৰ দ্বিগ -বিজয় ,গজকেতু উপাখ্যান ভাওনা।মৰিগাৱৰ তিৱা মহিলা সকলৰ দ্বাৰা পৰিবেশিত হ'ব লগা ভাওনা খনৰ পৰিচালনা যোৰহাটৰ এগৰাকী প্ৰতিশ্ৰুতি সম্পন্ন নাট্য শিল্পী সুব্ৰত ৰঞ্জন দত্তৰ। ইতিমধ্যে সৰহসংখ্যক ৫০ৰ উদ্ধৰ মহিলা সকলৰ দ্বাৰা পৰিবেশিত হ'ব লগা ভাওনা খনত পৰিচালক গৰাকীয়ে অতি যত্নৰে পৰিমান, সংলাপ, প্ৰৱেশ , প্ৰস্থানৰ প্ৰশিক্ষণ দি আছে। সঁচাই এক সুন্দৰ নিদৰ্শন। গুৰুজনাৰ বৰ অসমৰ ভেটি আজিও বিদ্যমান। মৰিগাঁও জিলাৰ ঔজাৰী অঞ্চলৰ মহিলাসকললৈ শুভেচ্ছা তথা শতকোটি প্ৰণাম জনালোঁ।

Пікірлер: 1
Watermelon magic box! #shorts by Leisi Crazy
00:20
Leisi Crazy
Рет қаралды 62 МЛН
01786093179
8:01
Soriful Islam
Рет қаралды 353