Рет қаралды 126
Nalbari Rash | nalbari rakh video নলবাৰী ৰাস
#nalbari #nalbarirakh #rakh #video
ৰাসোৎসৱ হৈছে এনে এটি উৎসৱ, য’ত ভগৱান শ্ৰীকৃষ্ণৰ জীৱনলীলাক উপভোগ্য কৰি প্ৰদৰ্শন কৰা হৈছে। ই মূলতঃ হৈছে এটি ধৰ্মীয় উৎসৱ। অসমৰ বিভিন্ন প্ৰান্তত এই উৎসৱ উদ্যাপিত হয়। মাজুলীৰ দক্ষিণপাট সত্ৰত পোন প্ৰথমে এই উৎসৱৰ আৰম্ভ হয়। পাছলৈহে ৰাসোৎসৱৰ প্ৰসাৰ গড়মূৰ, আউনীআটী, বেঙেনাআটী, কমলাবাৰী, ভোগপুৰ আদি সত্ৰলৈ ঘটে।
শৰৎ কালৰ পূৰ্ণিমা তিথিত আয়োজন কৰা ৰাসলীলা মাজুলীবাসীৰ বাবে মুখ্য উৎসৱ। মূলত: আধ্যাত্মিক তত্ত্বসমৃদ্ধ ৰাসলীলা অসমৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা হয় যদিও মাজুলীৰ ৰাসলীলাত হোৱা আড়ম্বৰপূৰ্ণ অনুষ্ঠানে সুকীয়া বৈশিষ্ট্য বহন কৰে। ভক্তিৰসৰ মধুৰ সমন্বয়েই ৰাসলীলা। শৰতকালৰ জ্যোৎস্না প্লাৱিত ৰাতিত, গোপীসকলক প্ৰেমৰসত আপ্লুত কৰি শ্ৰীকৃষ্ণই যি লীলাৰে বৃন্দাবন উৎফুল্ল কৰি তুলিছিল সেই প্ৰেমলীলাই ৰাস মহোৎসৱৰ প্ৰতিপাদ্য বিষয়।