নিগনি খুটীত তাতঁ লগোৱা গামোচা || অসমীয়া তাঁতশাল || hand woven gamusa|| taat logua process

  Рет қаралды 2,055

Nijara mini vlog

Nijara mini vlog

Күн бұрын

নিগনি খুটীত তাতঁ লগোৱা গামোচা || অসমীয়া তাঁতশাল || hand woven gamusa|| taat logua process
#assamesculture #gamusa #handwoven #nijaraminivlog
Flow Instragram / nijara_konwar_
mini vlog • আমাৰ বিলাহী খেতি | tod...
‪@mayurmousumivlogs‬
অসমীয়া জনজীৱনৰ লগত তাঁতশালখন অঙ্গাঙ্গীভাৱে ‌জড়িত এক আহিলা । এটা সময়ত তাঁতশাল এখন নাথাকিলে গৃহস্থী ঘৰখন অসম্পূৰ্ণ বুলি গণ্য কৰা হৈছিল । গাঁৱৰ জীয়ৰী বোৱাৰীৰ বাবে তাঁতশালখন আছিল অমূল্য সম্পদ । তাঁতশালতেই প্ৰাণ পাইছিল জীয়ৰী বোৱাৰীৰ কল্পনাই , মূৰ্ত হৈছিল তেওঁলোকৰ সপোন । নিজৰ তাঁতৰ শালত নিজ হাতেৰে বিহুৱান বৈ বিহুৰ দিনা চেনাইক দিব নোৱাৰিলে জীৱন অথলে যাব । চ'ত মাহ সোমালেই চেনেহীৰ গা উখলমাখল লাগে । মাকোৰ খিতখিতনিত গৰকাৰ দপদপনিত তাঁতৰ শালত দেওধনী উঠে । ৰজনজনাই যায় গাঁৱৰ ইমূৰৰ পৰা সিমূৰলৈ । বিহুৰ আগতে তাঁত কাটিব লাগিব । বিহুচেৰা তাঁত অমংগলীয়া । তাহানিৰ দিনত তাঁত বব নজনা তিৰোতাক থুপৰী বুলি হাঁহিছিল । থুপৰীয়ে কতো আদৰ নাপাইছিল । আনহাতে তাঁত বব জনা কাজী তিৰোতাই সৰ্বত্ৰে সন্মান পাইছিল । তাঁতৰ শালৰ পৰা সৃষ্টি হয় গামোচা, চেলেং, ৰিহা, মেখেলা, চাদৰ আদি নানান ফুলজালি কটা সপোন বুলোৱা বস্ত্ৰ । অসমীয়া শিপিনীৰ তাঁতশালৰ যাদু দেখি জাতিৰ পিতা মহাত্মা গান্ধীয়েও প্ৰশংসা কৰি কৈছিল, " অসমীয়া শিপিনীয়ে তাঁতশালত সপোন ৰচিব পাৰে । " অসমীয়া গীতমাত, প্ৰবচন, সাধুকথা, ফকৰা-যোজনা, ডাকৰ বচন আদি সকলোতে তাঁতশাল খনে বিশিষ্ট স্থান দখল কৰি আহিছে । বিশেষকৈ বিহুগীতত তাঁতশালৰ অনেক চিত্ৰ পোৱা যায় । সেইসমূহৰ বিষয়ে পিছত সুবিধা পালে আলোচনা কৰিম । আজি অসমীয়া তাঁতশালখনৰ বিভিন্ন অংশ সমূহৰ বিষয়ে আলোচনা কৰিব বিচাৰিছোঁ । অৱশ্যে পাট, মুগা, কপাহী আদি বেলেগ বেলেগ সূতাৰ পৰা কাপোৰ ববলৈ কিছুমান বিশেষ সঁজুলি ব্যৱহাৰ কৰা হয় । ইয়াত কপাহী কাপোৰ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা কেইবিধমান সঁজুলিৰ বিষয়ে চমুকৈ উল্লেখ কৰা হৈছে । বাকীসমূহ বহুতো বাকী ৰৈ গৈছে ।
১। নেওঠনি : নেওঠনি হৈছে কাঠেৰে তৈয়াৰ কৰা এবিধ তাঁতশালৰ লগত জড়িত সঁজুলি । নেওঠনি কপাহৰ গুটি গুচোৱা কামত ব্যৱহাৰ কৰা হয় ।
২। ধেনু : ধেনু হৈছে এখন মজবুতকৈ সজা ধনু । ইয়াৰ দ্বাৰা কপাহ সমূহ ধুনি লোৱা হয় ।
৩। পাঁজি : ধুনি লোৱা কপাহবোৰ পাতল পাতল কৈ চেপেটা কৰি বাঁহৰ এডাল চুটি মাৰিত এমুৰে পদুমৰ কলিটোৰ দৰে লগাই লোৱা হয় সূতা কাটিবলৈ । ইয়াক পাঁজি বোলে ।
৪। টাকুৰী : টাকুৰী হৈছে সূতা কটাৰ এবিধ সঁজুলি । পাঁজিৰ পৰা মিহিকৈ টানি সূতাৰ আকাৰত আঙুলিৰে টানি উলিয়াই লৈ টাকুৰীৰ সহায়ত পকাই সূতা তৈয়াৰ কৰা হয় । এছটা কাছৰ চলং বা কাঠ এক-ডেৰ ইঞ্চিমান ব্যাস কৰি ঘুৰণীয়াকৈ কাটি লোৱা হয় । সেই টুকুৰাৰ সোঁমাজতে এটা ফুটা কৰি বাঁহৰ এডাল শলা থিয়কৈ আৰু টানকৈ ভৰাই দিয়া হয় । তলফালে সামান্য উলিয়াই ৰখা হয় । শলাডালৰ ওপৰৰ মোৰটোত এটা ঘাত কাটি লোৱা হয় । ইয়াতে লগাই সূতাবোৰ পাক দিয়ে । কিছুমানে পিতলৰ টাকুৰীও ব্যৱহাৰ কৰিছিল ।
৫। ভঙুৰী : তিনিডাল বাঁহৰ মাৰি বা সৰু গছৰ ডাল তিনিকোণীয়াকৈ বান্ধি লৈ মাজতে এডাল নাল লগাই ভঙুৰী সজা হয় । টাকুৰীত পকাই থোৱা সূতাবোৰ ইয়াত পকাই নেচা তৈয়াৰ কৰা হয় ।
৬। বৰ চেৰেকী : চাৰিচটা বাঁহৰ চুটি কামী দুচটাকৈ যোগ চিনৰ দৰে বান্ধি লৈ মাজেৰে ফুটা কৰি লোৱা হয় । বাঁহৰ এডাল শলা নাল হিচাপে ফুটা দুটাৰ মাজেৰে এডাল ওপৰৰ ফালে আৰু আনডাল তলৰ ফালে ভৰাই লৈ মিহিকৈ চাঁচি লোৱা বাঁহৰ ৮ ডাল শলাৰে দুয়োটাকে সংযোগ কৰি বৰ চেৰেকী সজা হয়। ভাঙুৰীৰ পৰা সূতাবোৰ উলিয়াই মাৰত সিজাই লৈ বৰ চেৰেকীত ভৰাই লেটাইৰ সহায়ত সৰু সৰু নেচা কৰা হয়।
৭। লেটাই : চাৰিটা বাঁহৰ কাঠী এডাল দীঘলীয়া নালত এমুৰে একত্ৰিত কৰি বান্ধি লৈ আনটো মূৰে যোগ চিনৰ দৰে দুচটা বাঁহৰ সৰু কামী বান্ধি লৈ মাজতে এটা ফুটা কৰি নালডাল মাজেদি সুমুৱাই কামী কেইচটাৰ চাৰিটা মুৰত কাঠী কেইডাল বান্ধি লেটাই সজা হয়। লেটাই নেচা কৰা সূতাবোৰ ভাতৰ মাৰত সিজাই লোৱা হয় । সিজোৱা সূতাবোৰ লেটাইৰ সহায়ত পুনৰ সৰু নেচা কৰি ৰ'দত শুকুওৱা হয় ।
৮। সৰু চেৰেকী : সৰু চেৰেকীটো বৰ চেৰেকীৰ সৈতে একে কিন্তু আকাৰত সৰু । লেটাইৰে কৰা সূতাৰ নেচাসমূহ শুকুৱাই লোৱাৰ পিছত উঘাত উঘাবলৈ সূতাৰ নেচাসমূহ সৰু চেৰেকীত ভৰাই লোৱা হয় ।
৯। উঘা : চাৰিচুকীয়াকৈ কাটি লোৱা দুচটা সৰু কাঠৰ পাতৰ চাৰি চুকত চাৰিটা সৰু সৰু ফুটা আৰু মাজত এটা অলপ ডাঙৰ ফুটা কৰি লোৱা হয় । মাজৰ ফুটাৰে বাঁহৰ এডাল নাল ভৰাই লোৱা হয় । চাৰিডাল সৰু বাঁহৰ শলা চুকৰ ফুটাকেইটাৰে দুয়োচটা কাঠক নিৰ্দিষ্ট দূৰত্বত সংলগ্ন কৰি দুয়োমূৰে ৰচীৰে শলাকেইডাল যুটি দিয়া হয় যাতে ওলাই নাযায় আৰু নালটোক কেন্দ্ৰ কৰি ভালদৰে ঘূৰিব পাৰে । ইয়াক উঘা বোলে । ইয়াৰ সহায়ত সৰু চেৰেকীৰ পৰা সূতাবোৰ জঁট নলগাকৈ সূতাবোৰ পকাই লোৱা হয় যাতে তাঁতবাটি কৰোঁতে কোনো অসুবিধা নহয় ।
আগলৈ...........
জাতিৰ পিতা মহাত্মা গান্ধীয়ে অসম ভ্ৰমণলৈ আহোতে অসমীয়া শিপিনীৰ তাঁতশালত ফুল তোলা দেখি আচৰিত হৈ কৈছিল- ‘অসমীয়া শিপিনীয়ে তাঁতশালত সপোন ৰচে’। সঁচায়ে অসমীয়া শিপিনীয়ে গামোচাত তোলা ফুলে দৃষ্টি কাঢ়ে সকলোৰে। অসমীয়া শিপিনীয়ে নিজ হাতে বোৱা কাপোৰখন হৈছে অসমীয়াৰ জনজীৱনৰ প্ৰতিফলন। প্ৰতিঘৰ অসমীয়াৰ ঘৰ শুৱনি কৰে তাঁতশালখনে। বহাগ বিহুৰ চতুৰ্থ দিনটোক ‘তাঁতৰ বিহু’ হিচাপে পালন কৰা হয়। নতুন বছৰৰ বাবে শিপিনীসকলে সাজু কৰে তাঁতশাল।
Your Quaris...
tat bati kora
tat hal
tat logua poddhoti
tathal assam
tator hal
maina automatic tathal price
assamese gamosa design
tat halor ful bosa
jacquard machine price
power loom machine price
tat halot buwa rumal
handloom online apply
tathal assam
tator hal
jacquard machine price
handloom online apply
maina automatic tathal price
tat halor ful bosa
power loom machine price
tat halot buwa rumal
automatic power loom machine

Пікірлер: 2
@GUNU_ASSAM
@GUNU_ASSAM 3 ай бұрын
Mama main dekhun❤
@Nijara_mini_vlog
@Nijara_mini_vlog 3 ай бұрын
উম
Dad Makes Daughter Clean Up Spilled Chips #shorts
00:16
Fabiosa Stories
Рет қаралды 8 МЛН
At the end of the video, deadpool did this #harleyquinn #deadpool3 #wolverin #shorts
00:15
Anastasyia Prichinina. Actress. Cosplayer.
Рет қаралды 18 МЛН
How to make a bamboo stool mura..
13:53
Ngamdang pansa
Рет қаралды 511
Dad Makes Daughter Clean Up Spilled Chips #shorts
00:16
Fabiosa Stories
Рет қаралды 8 МЛН