পকামূৰা পথাৰত ভকতৰ শ্ৰমদান||

  Рет қаралды 232

padmabania spb

padmabania spb

Күн бұрын

২২৬ বছৰীয়া ঐতিহ্যৰে মহীয়ান শোণিতপুৰ জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনা মহোৎসৱ ২০২৩ বৰ্ষৰ ৬,৭,৮ আৰু ৯ মাৰ্চ তাৰিখে অনুষ্ঠিত হবলগীয়া চাৰিদিনিয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ বাবে আজি পৱিত্ৰ মাঘী পূৰ্ণিমাৰ দিনা চতিয়া সমষ্টিৰ মাননীয় বিধায়ক তথা বাৰেচহৰীয়া ভাওনা মহোৎসৱ উৎযাপন সমিতিৰ সন্মানীয় সভাপতি শ্ৰীযুত পদ্ম হাজৰিকা মহোদয় প্ৰমুখ্যে শোণিতপুৰ জিলা উপায়ুক্ত মহোদয়কে আদি কৰি বিশিষ্ট ব্যক্তি সকল লগতে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে জামুগুৰিহাটৰ বিভিন্ন অঞ্চলৰ সহস্ৰাধিক ভক্ত বৈষ্ণৱ আইমাতৃ যুৱক যুৱতীৰ উপস্থিতিত সমাজকৰ্মী শ্ৰীযুত কমলা নাথ দেৱৰ পৱিত্ৰ হাতেৰে প্ৰথম কাৰ্য্যসূচী ধৰ্মধ্বজা স্থাপন অনুষ্ঠান ভাগি সুকলমে অনুষ্ঠিত হয়।
এইবেলি জামুগুৰিহাটৰ পকামুৰা পথাৰে ল'লে অনন্য ৰূপ ৷ চতিয়া সমষ্টিৰ সন্মানীয় বিধায়ক পদ্ম হাজৰিকাৰ একক প্ৰচেষ্টাত বাৰেচহৰীয়া ভাওনা কমিটিয়ে পালে ৫০ বিঘাকৈ নিজা মাটি ৷ বাৰেচহৰীয়া ভাওনা মহোৎসৱ কমিটিৰ নামত ক্ৰয় কৰা সেই ভূমিত ইতিমধ্যে বিধায়ক গৰাকীয়ে প্ৰায় দুটাকৈ মাহে মাটি ভৰাই ভেটী বান্ধি আজি সহস্ৰাধিক ৰাইজৰ পদধূলাৰে ২০২৩ বৰ্ষৰ ভাওনা মহোৎসৱৰ ধৰ্মধ্বজা স্থাপন কৰিলে ৷
ইতিমধ্যে প্ৰতিখন খলা নিৰ্মাণত ব্যস্তহৈ পৰিছে প্ৰতিখন গাঁৱৰ জামুগুৰিয়া বাসী ৰাইজ তথা যুৱ বাপ সকল।
ইফালে জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কাষৰ আন পঞ্চাশ বিঘা মাটিত ২৬ কোটী টকাৰ ব্যয়ৰে বাৰেচহৰীয়া ভাওনাৰ স্থায়ী সাংস্কৃতিক প্ৰকল্প নিৰ্মান কৰিলে ৷ বিধায়ক গৰাকীৰ এই চিন্তা-চেতনাৰ ওচৰত জামুগুৰিবাসী ভক্তপ্ৰাণ ৰাইজ চিৰকাল ঋণী হৈ থাকিব ৷ অকল বিধায়ক বুলিয়েই নহয় জামুগুৰিয়া ৰাইজৰ প্ৰতি থকা অকুণ্ঠ মৰম ভালপোৱা আৰু ভাতৃত্ববোধৰ বান্ধোনৰ কাৰণেই এইয়া সকলো সম্ভৱ বুলি প্ৰতিজন জামুগুৰিয়া ৰাইজৰ অনুভৱ হৈছে। এসময়ত শোণিতকোঁৱৰ গজেন বৰুৱা দেৱে দেখা বাৰেচহৰীয়া ভাওনাৰ স্থায়ী মণ্ডপৰ সপোনক আজি বাস্তৱিক ৰূপ দিবলৈ সক্ষম হ'ল আমাৰ সকলোৰে মৰমৰ নেতা চতিয়া সমষ্টিৰ সন্মানীয় বিধায়ক তথা বাৰেচহৰীয়া ভাওনা মহোৎসৱ উৎযাপন সমিতিৰ সভাপতি "ভৰলী কোঁৱৰ" শ্ৰীযুত পদ্ম হাজৰিকা দেৱ। তেখেতৰ সুস্বাস্থ্য কামনাৰে প্ৰভু ভগৱন্ত ঈশ্বৰৰ ওচৰত সেৱা যাচিলোঁ কৃষ্ণ🙏।
@Padmabania
@partha priyam official
‪@livejamugurihat9381‬
#baresohoriyabhaona
#padmahazarika
#zubeengarg
#livejamugurihat
#jamugurihat
#অসম
#papon
#assamesevlgo
#srimantasankardev
#srimantasangkardevsongha
#srimantasankardevnamdharmasamajasom
#bresahariyagaan
#baresahariyathemsong

Пікірлер: 2
@p.g.productionsmusical
@p.g.productionsmusical Жыл бұрын
Xondor
@padmabania
@padmabania Жыл бұрын
Thank you 🙏 SUBSCRIBE & share please
An Unknown Ending💪
00:49
ISSEI / いっせい
Рет қаралды 40 МЛН
Самое неинтересное видео
00:32
Miracle
Рет қаралды 2,5 МЛН
Muslims debate with a Hare Krishna Monk
20:51
Savya The Monk
Рет қаралды 2,8 МЛН
An Unknown Ending💪
00:49
ISSEI / いっせい
Рет қаралды 40 МЛН