Рет қаралды 78,387
এটা পৰিয়ালৰ সংগ্ৰামৰ কাহিনী,কেনেকৈ সফল হ’ল শিপিনী লাৱণ্য বৰুৱা , Handloom Industry in Assam
এগৰাকী শিপিনীৰ সপোন পূৰণ কৰিবলৈ পৰিয়ালটোৰ প্ৰতিজন সদস্যই কৰা মৰণ পণ যুঁজৰ এক সফল পৰিনীতি এয়া ...
আজি ১০ খন উৰণীয়া মাকোৰ শালেৰে ভৰি থকা এই“ অসম টেক্সটাইল “ নামৰ ইণ্ডাষ্ট্ৰীটো আজিৰ পৰা ১৯ বছৰৰ আগৰলৈকে আছিল মাথো এটা সপোন ৷ হয় ,ঢকুৱাখনাৰ বাটমাৰীৰ লাৱণ্য বৰুৱা নামৰ এই শিপিনী গৰাকীয়ে দৰিদ্ৰতাৰ সৈতে যুঁজিবলৈ ২০০২ চনত আৰম্ভ কৰিছিল এখন হাতশাল ৷ সেই তাঁতশালত উৎপাদন হোৱা কাপোৰ বিক্ৰীয়েই উচ্চ শিক্ষিত কৰিছিল নিজৰ দুই সন্তানক ৷
তেওঁৰ স্বামী বাবু হাজৰিকা আৰু দুই সন্তান কুশল আৰু য়ুগলে ঠিক কৰিলে যে লাৱণ্য বৰুৱাৰ সপোন পূৰণ কৰিব তেওঁলোকে ৷ গঢ় দিব এটি হেণ্ডলোম ইন্ডাষ্টী ৷ কঠোৰ পৰিশ্ৰম কৰি বহি:ৰাজ্যত কোম্পানীৰ চাকৰি কৰি গোটোৱা ধনে তেওঁলোকে ২০১৯ চনত স্হাপন কৰিলে “ অসম টেক্সটাইল“ নামৰ এই ইণ্ডাষ্ট্ৰীটো ৷
uparjan.in