Рет қаралды 230,977
এগৰাকী কঠোৰ পৰিশ্ৰমী ব্যৱসায়ীৰ জীৱন কাহিনী Wood Berry
তেওঁ ৰাস -থিয়েটাৰত দিছিল ঘোগোনীৰ দোকান ৷ পূজা আহিলে ফুটপাথত দিছিল পিষ্টল বেলুনৰ দোকান ৷
পাঁচ বছৰ ধৰি টেক্সি চলাইছিল লখিমপুৰ চহৰত ৷
লাহে লাহে তেওঁৰ জীৱন সলনি হৈছিল ৷ চেকেণ্ড হেণ্ড ট্ৰাক কিনি আৰম্ভ কৰিলে ট্ৰাক চলোৱা ৷
বেংকৰ চাকৰি পায়ো এগৰাকী বৱসায়ী হোৱাৰ আশাত এৰি দিলে সেই চাকৰি ৷
আৰু সুদীৰ্ঘ ২৫ বছৰ মূৰত এতিয়া
সীমান্ত শৰ্মা নামৰ লখিমপুৰ কে বি ৰোডৰ এগৰাকী কঠোৰ পৰিশ্ৰমী ব্যৱসায়ীৰ জীৱন কাহিনী এয়া ৷ এসময়ত ফুটপাঠত বেলুন বিক্ৰী কৰা সীমান্ত শৰ্মা এতিইে উদ বেৰী , বালাজী এন্টাৰপ্ৰাইছকে ধৰি তিনিখন ফাৰ্নিচাৰৰ স্বত্তাধিকাৰী ।
সীমান্ত শৰ্মা অন্য এক পৰিচয় হ’ল ৰেলৱে আৰু গড়কাপ্তানি বিভাগৰ ঠিকাদাৰ ৷ সংস্হাপন দিছে এশৰো অধিক কৰ্মচাৰীক ৷
সীমান্ত শৰ্মাৰ মতে চাকৰি কৰাতকৈ চাকৰি দিব পৰা ব্যক্তিলৈ পৰিনত হ’বলৈ সদায় চেষ্টা কৰিব লাগে অসমীয়া নতুন প্ৰজন্মই ৷
সীমান্ত শৰ্মাৰ এই সফলাতক লৈ সুখী তেওঁৰ পত্নী ৷
শূন্যৰ পৰা কোটিপতি ব্যৱসায়ীলৈ নিজকে ৰূপান্তৰিত কৰা সীমান্ত শৰ্মাৰ মনৰ কথা জানো আহক
স্বামীৰ এনে সফলতাক লৈ
শূন্যৰ পৰা কোটিপতি ব্যৱসায়ী -ঠিকাদাৰ