Рет қаралды 29
হোজাইত ন্যায়িক কৰ্মচাৰীৰ এদিনীয়া কৰ্ম বিৰতি
হোজাই ২৮ জুন:- হোজাইত ন্যায়িক কৰ্মচাৰী সংস্থাই এদিনীয়া কৰ্ম বিৰতি কাৰ্যসূচী ৰূপায়ন কৰে । উচ্চতম ন্যায়ালয়ৰ চেঠি আয়োগৰ নিৰ্দেশ পালন নকৰাৰ প্ৰতিবাদত ন্যায়িক কৰ্মচাৰী সকলে আজি এই প্ৰতিবাদ সাব্যস্ত কৰে ।হোজাইৰ সদৰ শঙ্কৰদেৱ নগৰ ন্যায়িক আদালত চৌহদৰ কৰ্মচাৰী সকলে দিনৰ দহ বজাৰ পৰা এই প্ৰতিবাদ সাব্যস্ত কৰে। সদৌ অসম ন্যায়িক কৰ্মচাৰী সংস্থাৰ নিৰ্দেশত কালি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় । হোজাই জিলা ন্যায়িক কৰ্মচাৰী সংস্থাই ৰাজ্যিক সমিতিৰ নিৰ্দেশ মৰ্মে কাৰ্যালয়ৰ কৰ্মীয়ে আজি দিনৰ দহ বজাৰ পৰা আৰু চালক, চফাই কৰ্মী সকলে চাৰে দহ বজাৰ অৰা এদিনীয়া কৰ্মবিৰতিৰে প্ৰতিবাদ সাব্যস্ত কৰে । বিগত ২০০৯ চনতে ৰাজ্য চৰকাৰক উচ্চতম ন্যায়ালয়য়ে দিয়া নিৰ্দেশ পালন নকৰাৰ প্ৰতিবাদত এই কাৰ্যসূচী ৰূপায়ন কৰা হয়। প্ৰতিবাদকাৰী সকলে শীঘ্ৰে চৰকাৰে এই আয়োগৰ পৰামৰ্শ পালন কৰি ন্যায়িক কৰ্মচাৰী সকলক ন্যায় প্ৰদান নকৰিলে পুনৰ আন্দোলনৰ কাৰ্যসূচী হাতত লোৱা হব বুলি মন্তব্য কৰে । উল্লেখ্য যে, গ্ৰেড অনুসৰি পদৰ সৃষ্টি কৰা, পদোন্নতিৰ ক্ষেত্ৰত পঁচিশ শতাংশ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বাবে সংৰক্ষণ কৰা, পদ অনুসৰি স্নাতক হাতত দৰমহা প্ৰদান কৰা, চিকিৎসা। ব্যয় উভোতাই দিয়া, চেত্তি আয়োগৰ পৰামৰ্শ অনুসৰি ন্যায়িক কৰ্মচাৰীৰ সেৱা বিধি প্ৰনয়ন কৰা আদি দাবী কৰা হয় । উল্লেখ্য যে, সদৌ অসম ন্যায়িক কৰ্মচাৰী সেৱা মহাসংঘ্ই বিগত ১৯৮৯ চনত মহামান্য উচ্চতম্ ন্যায়ালয়ত ১০২২/৯৮ নম্বৰ লেখ আবেদন অনুসৰি সুদীৰ্ঘ এঘাৰ বছৰ মূৰত বিগত ৭/১০/২০০৯ তাৰিখে ন্যায়িক কৰ্মচাৰী সকলৰ সপক্ষে ৰায় প্ৰদান কৰে । কিন্তু এই ৰায় প্ৰদনৰো ১৪ বছৰ হল যদিও উচ্চতম ন্যায়ালয়ৰ এই ৰায় অসম চৰকাৰে আজিও কাৰ্যকৰি নকৰিলে । এই সন্দৰ্ভত অসম চৰকাৰৰ বিভাগীয় কৰ্তিপক্ষৰ লগত যোগাযোগ কৰিও কোনো সুফল লাভ নকৰা বুলি প্ৰতিবাদী ন্যায়িক কৰ্মচাৰী সকলে মন্তব্য কৰে ।