প্ৰেমৰ পৰিণতি অসমীয়া কবিতা//Premor parinoti Assamese poem

  Рет қаралды 1,149

JD Entertainments

JD Entertainments

Күн бұрын

প্ৰেমৰ পৰিণতি অসমীয়া কবিতা##Premor parinoti Assamese poem#love#prem#romantic
প্ৰেমৰ পৰিণতি
(অসমীয়া কবিতা)
ৰচনা: জিতু এম. তালুকদাৰ ।
মই মৰিম যিদিনা;
তুলসীৰ তলত ঢাৰি পাৰি...
বগা কাপোৰেৰে ঢাকি দিব;
মোৰ নিঠৰ দেহ!
জ্ঞাতি-কুটুম্বই চকুলো টুকিব…
বন্ধু সৱে গুণ-গৰিমা গাব।
ৰাইজৰ কেওঁজনে মিলি
ঘৰৰ চুকৰ জাতি বাঁহ চুপাৰ...
কামি কাটি, চাঙী সাজি;
চাকি, ধূপ-ধূনা জ্বলাই সেৱা কৰি
আত্মী‌য় চাৰিজনে‌ কান্ধত তুলি
ৰাম নাম সত্য হয় বুলি
দুহাতেৰে তাল বজাই...
শ্মশানলৈ নিব শেষকৃত্য কৰিবৰ বাবে;
শেষ যাত্ৰাৰ সাক্ষী হ'ব অলেখ অসংখ্যজন
সকলোৰে মুখত দুখৰ ছাঁ !
পঞ্চভূতত বিলীন হ'ব মোৰ মানৱী দেহা।
আশা-ভৰসা ভালপোৱা পুৰি ছাই হৈ
মিলি যাব মাটিৰ লগত।
মোৰ এটাই আশা মাথোঁ
তুমি পদূলিতে ৰৈ থাকিবা!
শেষ বাৰৰ কাৰণে চাব পাৰিবা!
চাঙীলৈ বুলি ফুল ছটিয়াই দিবা…!
তোমাৰ এপাহ ফুলে প্ৰাণহীন দেহত
শান্তিৰ সুবাস সানি দিব।
আনে নেদেখাকে তুমি ফেকুৰি কান্দিবা…!
মই মৰাৰ কাৰণে তুমি দুখ নকৰিবা;
তোমাক মই দোষাৰোপ কৰা নাই…!
এয়া মোৰ কপালৰ লিখন;
বিধাতাইও হ'ব নিদিলে মিলন।
তোমাৰ মা-দেউতাই ধনক চিনি পালে;
প্ৰেম ভালপোৱা মানৱতা একো বুজি নাপালে।
সেয়ে মোৰ বুকুৰ পৰা কাঢ়ি নিলে।
দুখীয়া-নিছলাৰ মৰমক এধানী কৰিলে,
কেনেকৈ দিও ভালপোৱাৰ প্ৰমাণ।
মৃত্যুৱে আছিল নিয়তিৰ লিখন।
মোৰ মৃত্যুৱে হৈ ৰ'ব প্ৰেমৰ চানেকি
আদিতে সকীয়াই দিব ডেকা-গাভৰুক আজি
মই মৰিও অনুৰোধ কৰিছোঁ এটি,
ভালপোৱাৰ মাজত যেন ধনক নিদিয়ে আগচি
ভালপোৱাক হ'বলৈ দিয়া মিলন।
দিঠকক হ'বলৈ নিদিবা সপোন।

Пікірлер: 9
@DitimoniTalukdar
@DitimoniTalukdar 2 ай бұрын
Very sad
@Sanjeev_Baruah
@Sanjeev_Baruah 5 ай бұрын
Super Dhunia hoise
@jdentertainments5642
@jdentertainments5642 5 ай бұрын
Thank you
@dipusinghrabha7095
@dipusinghrabha7095 5 ай бұрын
Nice
@jdentertainments5642
@jdentertainments5642 5 ай бұрын
Thank you
@user-yo1xz3sm2k
@user-yo1xz3sm2k 5 ай бұрын
Beautiful
@jdentertainments5642
@jdentertainments5642 5 ай бұрын
Thank you
@harendranathtalukdar7556
@harendranathtalukdar7556 5 ай бұрын
Good
@jdentertainments5642
@jdentertainments5642 5 ай бұрын
Thank you
Magic trick 🪄😁
00:13
Andrey Grechka
Рет қаралды 69 МЛН
这三姐弟太会藏了!#小丑#天使#路飞#家庭#搞笑
00:24
家庭搞笑日记
Рет қаралды 118 МЛН
Unveiling my winning secret to defeating Maxim!😎| Free Fire Official
00:14
Garena Free Fire Global
Рет қаралды 16 МЛН
কেন মেঘ আসে হৃদয়-আকাশে।
7:53
Beauty voice 5307
Рет қаралды 309 М.
Egg roll trap part 1
1:01
_official_landlady
Рет қаралды 24 МЛН
Самое неинтересное видео
0:32
Miracle
Рет қаралды 505 М.