শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ দৰ্শন || গোলাঘাট || 10.09.2024

  Рет қаралды 2,286

PKD Entertainment Assam

PKD Entertainment Assam

Күн бұрын

শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ (Shri Shri Athkhelia Namghar), অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উল্লেখযোগ্য ধৰ্মীয় স্থানসমূহৰ ভিতৰত অন্যতম। ই গোলাঘাট জিলাৰ ঘিলাধাৰী মৌজাৰ বচা গাঁৱত অৱস্থিত। ই গোলাঘাট জিলাৰ ঘিলাধাৰী, মক্ৰং আৰু কাকডোঙা - এই তিনিওখন নদীৰ ওচৰা-ওচৰিকৈ থকা সঙ্গম স্থলত অৱস্থিত। শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ নামকৰণ নামঘৰৰ চৌপাশে থকা আঠটা কুৰিৰ পৰাই হৈছে। ইয়াৰপৰাই আঠকুৰিয়া শব্দটিৰ উৎপত্তি হৈছে। মানুহৰৰ মুখে মুখে বাগৰি ই আঠখেলীয়াৰ ৰূপ ল’লে। ১৬৮১ চনত আহোম ৰজা গদাপানিয়ে এই নামঘৰটো নিৰ্মাণ কৰোৱাইছিল। ১৯৭০ চনৰ আগলৈকে এই অনুষ্ঠানভাগিৰ নাম শ্ৰী শ্ৰী আঠখেলীয়া হৰি মন্দিৰ আছিল। ১৯৭০ চনত বৈষ্ণৱ ধৰ্মৰ পন্থা অনুসৰি ‘হৰি মন্দিৰ’ৰ সলনি ’নামঘৰ’ শব্দটি সংযোগ কৰি শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ নামেৰে নামকৰণ কৰিলে। ভাদ মাহত (আগষ্ট-ছেপ্তেম্বৰ) নামঘৰলৈ লক্ষাধিক সেৱকীৰ সমাগম হয়। ইয়াত দৈনিক প্ৰাতঃপ্ৰসঙ্গ, মধ্যাহ্ন প্ৰসঙ্গ, বিয়লি প্ৰসঙ্গ আৰু সন্ধ্যা প্ৰসঙ্গ এই চাৰি প্ৰসাঙ্গ অনুষ্ঠিত হয়। শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত উৎযাপন কৰা উল্লেখযোগ্য উৎসৱ সমূহ হৈছে বৰসৱাহ, পানীতোলা সৱাহ, নামলোৱা সৱাহ আৰু ন-চাউলৰ সৱাহ, ৰাস মহোৎসৱ, বৰষা ভাওনা ইত্যাদি।

Пікірлер: 6
@DipudkBaruah-ih3wx
@DipudkBaruah-ih3wx 6 күн бұрын
Krishna🙏🙏❤❤❤❤
@ranjanadutta1317
@ranjanadutta1317 9 күн бұрын
🙏🙏🙏
@MurLifeBJC
@MurLifeBJC 9 күн бұрын
@ritudutta5423
@ritudutta5423 9 күн бұрын
Nice 👍
@ronjitborah1997
@ronjitborah1997 4 күн бұрын
Pronam jonalu probhuk
@Bornali_Dutta
@Bornali_Dutta 9 күн бұрын
Mzah
Will A Guitar Boat Hold My Weight?
00:20
MrBeast
Рет қаралды 197 МЛН
The CUTEST flower girl on YouTube (2019-2024)
00:10
Hungry FAM
Рет қаралды 51 МЛН