এজন লোকৰ মনত দুখ দিবলৈকে মাৰধৰ কৰাৰ প্ৰয়োজন নহয় ৷ মিহি মিহিকৈ কৈয়ো মনোকষ্ট দিব পাৰি ৷ এগৰাকী মহিলাই কোনো স্বামীক অথবা এগৰাকী ছোৱালীয়ে পিতৃ-মাতৃ, ককাইদেউ-নবৌ, বাইদেউ আদি জ্যেষ্ঠজনক মনত কষ্ট দিবলৈ তেওঁলোকৰ মতৰ বিৰুদ্ধে যোৱা কাম কৰি থাকিলেই যথেষ্ট ৷ এতিয়া বৰ্ণিকা নামৰ ছোৱালীজনীয়ে যোৱা সোমবাৰৰ ৰাতিপুৱা পৰ্যন্ত কৰি যোৱা কাম বিলাকে শ্ৰদ্ধাৰ ৰমেন বৰুৱাদেৱৰ মনলৈ কি ক্ৰিয়া-প্ৰতিক্ৰিয়া আনিছিল তাৰ ওপৰতেই কিছু কথা নিৰ্ভৰ কৰিব ৷ বৰ্ণিকাৰ বিবাহ তথা বিবাহ-বিচ্ছেদ প্ৰসংগ, তেওঁৰ শিক্ষা-গ্ৰহণ আৰু পিছলৈ শিক্ষয়িত্ৰী হোৱাৰ পিছত সহকৰ্মী তথা শিক্ষাৰ্থী সকলৰ সৈতে থকা সম্পৰ্কৰ ধৰণ-কৰণৰ প্ৰসংগ সমূহ আৰু তেওঁৰ দৈনিক কৰ্মৰ ৰুটিনখনৰ ওপৰত বহু কথা নিৰ্ভৰ কৰিব ৷ বৰ্ণিকাই লতাশিলৰ বিখ্যাত ঘৰখনত থকা সময়ত পিতৃ আৰু খুৰাকক মৰম-শ্ৰদ্ধা তথা আদৰ-সাদৰেৰে কিমান দিন ভাত ৰান্ধি খুৱাইছিল তাৰ ওপৰতেই বহু গুৰুত্বপূৰ্ণ সমল ওলাই পৰিব পাৰে ৷ ৰমেনদাই খুব কমকৈ কথা কোৱাৰ মূলত কি কথা সোমাই থাকে তাৰো বিচাৰ হলে ভাল হয় ৷