Рет қаралды 31,256
এয়া এজন ৭৩ বছৰীয়া ব্যৱসায়ীৰ কাহিনী | story of an old businessman
এয়া এজন ৭৩ বছৰীয়া ব্যৱসায়ীৰ কাহিনী ৷ঢকুৱানাৰ কুশল গগৈ নামৰ এই ব্যক্তিজনে এখন গুমটি দোকানে আৰম্ভ কৰিছিল তেওঁৰ ব্যৱসায় ৷ ইয়াৰ পাছত প্ৰিন্টিং প্ৰেছৰ পৰা আৰম্ভ কৰি কঠাৰ ডাপু ফাৰ্মাচীলৈকে বহু ব্যৱসায় কৰিলে তেওঁ ।
এনেদৰে ব্যৱসায় কৰিয়েই তেওঁ ঢকুৱাখনা টাউনৰ মাজমজিয়াত গঢ় দিলে নিজা এখন বজাৰ ৷ য’ত এতিয়া ৩০ খনৰো অধিক দোকান থকাৰ উপৰি আছে কেইবাটাও বেংকৰ শাখা ৷
বয়স বাঢ়িছে যদিও তেওঁ বক্ষৱসায়ৰ পৰা সন্ন্যাস লোৱাৰ কথা ভবা নাই ৷ এতিয়াও তেওঁ পৰিচালনা কৰে এখন ফাৰ্মাচী ৷
এসময়ত বায়ু সেনাত চাকৰি লাভ কৰিও চাকৰি জীৱন পৰিত্যাগ কৰা কুশল গগৈয়ে কয় যে প্ৰতিজন অসমীয় যুৱকেই ব্যৱসায়ী মুখী হোৱাৰ প্ৰয়োজন ৷
স্বামীৰ এই ব্যৱসায়িক সফলতাত সুখী তেওঁৰ পত্নী ৷
আহকচোন এই প্ৰবীল ব্যৱসায়ীগৰাকৰ লগত কথা পাতো ৷
uparjan.in