আমাৰ যোৰহাটৰ ঘৰটো ৷ Home Tour of our Jorhat home | আমাৰ যোৰহাটৰ ঘৰটো চাওঁ আহক ৷

  Рет қаралды 180,854

Chef BB's Kitchen

Chef BB's Kitchen

Күн бұрын

আমাৰ যোৰহাটৰ ঘৰতো এতিয়া ভাৰাত আছে বহুতৰ অনুৰোধত আপোনালোকলৈ ঘৰটোৰ টুৰ লৈ আহিছো ৷ মা জীয়াই থকা হেঁতেন ঘৰটো আৰু সুন্দৰ কৈ দেখা পালে হয় ৷ এতিয়া বহুত খালি হৈ আছে ৷
If you like this video please subscribe to our channel and also share with your friends
Copyright © ChefBB’sKitchen
Please follow us on Instagram:
/ chefbbskitchen
Please follow our FB page:
/ googlyhub
Check #chefbbs #chefbbskitchenhometour

Пікірлер: 556
@ChefBBsKitchen
@ChefBBsKitchen 2 жыл бұрын
ভিডিঅ টো চাই আজি আকৌ কান্দিলো ৷ যোৰহাটলৈ অহাৰ এটা মেইন কাৰন আছিল আমাৰ ঘৰটো লোকৰ হোৱাৰ আগতে এবাৰ হেঁপাহ পলুৱাই চাবলৈ ৷ ভাগ্যত আছিল বাবে দুৰাতি থকাৰ সুযোগ পালো ৷ মা থকা হেতেন ঘৰটোৰ পৰিবেশ বেলেগ পালে হয়, তথাপিয়ো ভাল কে ৰাখিছে আমাৰ ঘৰত থকা মানুহ হালে ৷ মা ঢুকোৱাৰ পাচত পাপাক ঘৰলৈ নপঠালো ৷ মা পাপাই নিজে বনোৱা ঘৰ, পাপাই আহিব নিবিছাৰিলে মা নথকা ঘৰটোত ৷ পাপাক সৰু ভন্টিয়ে নিজৰ লগত নয়দাত ৰাখিলে ৷ এতিয়া পাপাই ঘৰটো বিক্ৰি কৰিব বিছাৰিলে কাৰন ঘৰটো ইমান দুৰত থাকি তেওঁ কেয়াৰ টেকাৰৰ হাতত বা ভাড়াত দিব খোজা নাছিল ৷ আপোনালোকে আমাৰ ঘৰটো ভাল পোৱাৰ বাবে অশেষ ধন্যবাদ ৷ আমাৰ ঘৰটো ন আলি ৰ সুৰুয নগৰ বুলি ঠাই খনত ৷ বহুতে সুধি আছিল ৷
@himashreedas4356
@himashreedas4356 2 жыл бұрын
বৰ দুখ লাগিল
@himashreedas4356
@himashreedas4356 2 жыл бұрын
মোৰো মা দেউতা দুয়ো নাই ।আমি পঢ়ি থাকোতেই মা ঢুকাইছে ।দেউতা ঢুকোৱাৰ ৩ বছৰ হ'ল।তথাপিও ভাইটি দুজন@ ভাইবোৱাৰী দুজনী আছে বাবে গৈ ভাল লাগে
@Bipul654
@Bipul654 2 жыл бұрын
Aie abeg ba ata homoyot hoi2 moiu mur ghr khnt goi haie feel krim
@buligogoi3987
@buligogoi3987 2 жыл бұрын
Amarei jodi iman besi beya lagise, tumar kene lagibo pare, bhaldorei onubhob koribo parisu
@linababulentertainments1216
@linababulentertainments1216 2 жыл бұрын
মই আপোনাৰ কথাবোৰ ত দুখ বোৰ অনুভৱ কৰিব পাৰিছো বা। ঘৰখনত মাৰ অনুপস্থিতিয়ে ভিডিঅ'টি কিবা যেন গধুৰ গধুৰ কৰিছে। বহুত দুখ লাগিছে মোৰ বা। সচাই মা নহ'লে ঘৰখন ঘৰ ঘৰ একেবাৰে নালাগে 😭I don't know why after watching your video I felt like I am losing my home, not you.😢Don't be sad, your mother's blessings are with you.
@JIBONOREITUHITU-MADHURIMA
@JIBONOREITUHITU-MADHURIMA 2 жыл бұрын
মোৰ বহুত দুখ লাগিল গ'ল। মা-দেউতা, ছোৱালীহঁতে সুখে দুখে, হাঁহি খিকিন্দালিয়ে গিজগিজাই থকা ঘৰখনত আজি সেমেকা, নিমাওমাও পৰিৱেশ। সঁচাই ভাবিলে কিয় ডাঙৰ হ'লো যেন লাগে, আগৰ সময়বোৰকে ঘুৰাই পাবৰ মন যায়। কিন্তু শেষত দীঘলকৈ উশাহ টানি উপায় নাই বুলি সময়ৰ লগতে মিলি যাবলগীয়াত পৰে। মনুষ‍্য জীৱন, সঁচাই উপায় নাই। মৰম যাচিলোঁ❤️❤️❤️
@ChefBBsKitchen
@ChefBBsKitchen 2 жыл бұрын
মনৰ কথা ক’লা ৷ এই ঘৰ খনত আলহীৰ আহ যাহ বন্ধ নহৈছিল ৷ এটি এটি কোনত মেমৰি জড়িত হৈ আছে | কিন্তু এটা কথাই সত্য যে ৬ ফুট মাটিহে আমাৰ, বাকি সকলো মোহ মায়া ৷
@rashikadutta1924
@rashikadutta1924 2 жыл бұрын
Moiu suruj nagar or e apunalukor ghoror usote thaku
@chandanamozumder7523
@chandanamozumder7523 2 жыл бұрын
আমাৰো তিনিজনী বাই ভনী, আপোনাৰ আবেগ, অনুভূতি বাৰুকৈয়ে হৃদয়ঙ্গম কৰিছো
@pori1754
@pori1754 2 жыл бұрын
ইমান ধুনীয়া ঘৰটোত কিমান আবেগ মৰম সোমাই আছে বুজিবলৈ বাকী নাই।কথাখিনি শুনি বৰ emotinal হৈ গলো অ ।দুখ নকৰিব,দেউতাক লৈ happy হৈ থাকে যেন
@rupalilekharu6600
@rupalilekharu6600 2 жыл бұрын
বহুত আবেগ জড়িত হৈ থকা স্মৃতি আজি আপুনি আমাক বিলাই দিয়াৰ বাবে ধন্যবাদ। মই ও আবেগিক হৈ পৰিছো। ঘৰটো যথেষ্ট ডাঙৰ আৰু সমুখত নামঘৰ , সুন্দৰ পৰিবেশ। বিক্ৰী হ'ব বুলি শুনি বেয়া লাগিছে। উপায় নাই। মই ও যোৰহাটৰ।
@নবনীতাশইকীয়া
@নবনীতাশইকীয়া 2 жыл бұрын
Jurhator kun thai hoi baa
@himdridas9409
@himdridas9409 2 жыл бұрын
Baa etia Ghar tu besi diba
@Futoni
@Futoni 2 жыл бұрын
কি যে সুন্দৰ এটা পৰিবেশ! বৰমা বৰদেউতাই যে এই ঘৰখনৰ প্ৰতিটো বস্তু নিজে নিজে গঢ়িছিলে/সজাইছিলে ঘৰখন দেখিলেই ধৰিব পাৰি ❤️
@mondirakalita4221
@mondirakalita4221 2 жыл бұрын
একালৰ বৃন্দাবন একালত পৰে চন ৷ মনটো দুখ লাগি গ’ল ৷
@ৰামধেনুrainbow
@ৰামধেনুrainbow 2 жыл бұрын
নিজৰ ওপজা ঘৰখনৰ লগত ছোৱালীৰ আবেগবোৰ বহুত বেছি।ভিডিঅ'টো চাই চকুৰ পানী ওলাই গ'ল বা ।আপোনাৰ মা-দেউতাৰ অনুপস্থিতি বৰকৈ অনুভৱ কৰিছে চাগৈ।
@sarishmitasaikia6364
@sarishmitasaikia6364 2 жыл бұрын
বহুত আবেগিক হৈ পৰিছিলো ভিদিওটো চাই😓😓😓😓সচাঁকই মৰমৰ আবেগ ভৰা ঘৰ সকলোৰে বহুত প্ৰিয় ❤️❤️❤️❤️💓💓💓💓..মোৰো পুৰণি আমাৰ ঘৰৰ পৰা আহোঁতে বহুত বেছি দুখ লাগিছিল 😓😓😓😓
@sarifabegum269
@sarifabegum269 2 жыл бұрын
বহুত দুখ লাগিল দেখি আজি আপোনাৰ ঘৰ আছে মানুহ নাই , কাৰোবাৰ ওচৰত মানুহৰ আছে কিন্তু ঘৰ নাই , মানুহৰ জীৱন টোয়ে এনেকোৱা । আপোনাৰ যোৰহাটৰ ক'ত ঘৰ ? মই যোৰহাটৰে
@ChefBBsKitchen
@ChefBBsKitchen 2 жыл бұрын
ন আলিত
@rinjugogoi5969
@rinjugogoi5969 2 жыл бұрын
বৰ দুখ লাগিল সঁচাকৈ । সময়ৰ লগত দিনবোৰ কোনফালে গৈ থাকে কোনেও নাজানে। জীৱনটোত একোৱে স্হায়ী নহয় দেখোন ।
@lovelyborah5965
@lovelyborah5965 2 жыл бұрын
কিমান স্মৃতি সামৰি বহি থাকে এই ঘৰবোৰ। সময়ৰ ওচৰত আমি ইমানেই অসহায় যে বিচাৰিলেওঁ বহু কাম আমি কৰিব নোৱাৰোঁ। সদায় সাঁচি থ'ম সেই ঘৰটোত কটোৱা সময়খিনি।💚💚💚
@mrigaleeborah.6639
@mrigaleeborah.6639 2 жыл бұрын
যোৰহাটৰ বাসিন্দা আছিলে বুলি জানি অত্যন্ত সুখী হ'লোঁ,ভাল লাগে বিদেশত থাকিলেও মাটিৰ সৈতে মিলিব পৰাকৈ ইমান সহজ সৰল ভাবে সকলো কথা কৈ যায় প্ৰত্যেকটো ভিডিওত।যোৰহটিয়া হিচাপে তথা অসমীয়া হিচাপে গৌৰৱ অনুভৱ কৰোঁ আপোনাৰ চেনেলটো চাই, আগুৱাই যাওঁক শুভাকাংশী হিচাপে বহু বহু শুভকামনা জনালোঁ।❤
@beenaborah1098
@beenaborah1098 2 жыл бұрын
,আমাৰ লগত আপোনাৰ কথাবোৰ মিলি গৈছে , মাত্ৰ আমাৰ দুজনী বাইভনী। সেয়েহে আপোনাৰ কথাবোৰ হৃদয়াংগম কৰিব পাৰিছো ।হলেও আপুনি শান্তিত আছে দিয়ক। ভগৱানে আপোনাক পৰিয়ালটোক লৈ সুখী কৰি ৰাখিছে ।
@ritumoniborabharali2187
@ritumoniborabharali2187 2 жыл бұрын
দুখ লাগিল বহত খুৰীলৈ মনত পৰি গল।মোৰ ঘৰ আপোনাৰ ঘৰৰ ওচৰতে।
@yz3637
@yz3637 2 жыл бұрын
ভাল ও লাগিল,বহুত আবেগিক হলো। চকুপানী ধৰি ৰাখিব নোৱাৰিলোঁ....তোমাৰ কেনেকুৱা লাগিছে বুজি পাইছো
@bhagyashreephukan5976
@bhagyashreephukan5976 2 жыл бұрын
Bhal lagil bohut dinor murot ghortu dekhi. Horute borma bortak moi siyori siyori namghor jaute ba front r field t jaute maatu. Borma i paiokh khabo disil. Monog pori goise.
@arpanachangmai2615
@arpanachangmai2615 2 жыл бұрын
দুখ লাগি গ'ল । আপোনালোকৰ ঘৰখন দেখি। কিমান যে বেয়া লাগে , নিজৰ ঘৰখন এৰি থকাটো ? আমাৰ ছোৱালী বোৰৰ বাবে বেছি কৈ অনুভৱ। দুখ নকৰিব , জীৱন টো এনেকুৱাই। পৰিস্থিতিৰ দাস আমি। ভাল লাগে আপোনাৰ ভিডিঅ'বোৰ।চাবলৈ ৰৈ থাকো। ভালে থাকিব।
@alphoolgogoi3580
@alphoolgogoi3580 2 жыл бұрын
সময় গতিশীল, জীৱনো গতিশীল। ভাল লাগিল কথাবোৰ share কৰাৰ কাৰণে।
@bikashgogoi601
@bikashgogoi601 2 жыл бұрын
বিক্ৰী কৰিব নালাগিছিল কিন্ত,পুৰণা স্মৃতি যে বৰ দুখ দিব কিন্তু। চাওঁ বুলিও মা দেউতা ৰ স্মৃতি আৰু চাব নাপাব।
@parismitamahanta718
@parismitamahanta718 2 жыл бұрын
বহুত আবেগ অনুভূতি জড়িত হৈ আছে ঘৰ খনৰ লগত... ভিডিঅ টো ৩ বাৰ চালোঁ.. মনটো দুখ লাগি গল...
@dhrubajyotitalukdar2864
@dhrubajyotitalukdar2864 2 жыл бұрын
বহুত ভাল লাগিল বাইদেউ আপোনাৰ জন্মভূমিৰ আপুনি জন্ম হৈ ডাঙৰ দীঘল হোৱা আপোনাৰ আপোন ঘৰটো আৰু আৰু ইয়াৰ পৰিবেশটো দেখি, লগতে বেয়াও লাগিল, অলপ আবেগিকো হলো আপুনি ঘৰটো এৰি দিয়াৰ খৱৰটো পায়।
@Pbsukanya
@Pbsukanya 2 жыл бұрын
ইমান ধুনীয়া ঘৰ 1st time দেখিছো।
@mithukankana6360
@mithukankana6360 2 жыл бұрын
Bahut vl lagil..dekhi apunar ghorkhon..bahut smiti jorito hoi ase dekhile.gom pua jai.....deuta mar logot kotua sai sumodhur muhorto bur....
@sukanyagogoi6107
@sukanyagogoi6107 2 жыл бұрын
Lots of love from Jorhat,, hosak bohut te dhuniya eta ghar apunalukr,,
@ratneswardas9649
@ratneswardas9649 2 жыл бұрын
ঘৰটো দেখি ভাল লাগিল সঁচাকৈয়ে ধুনীয়া ।
@indiraskitchenandvlogs6570
@indiraskitchenandvlogs6570 2 жыл бұрын
মইও বৰ আবেগিক হৈ পৰিলো আপোনাৰ ঘৰখন দেখি । অনুভৱ কৰিব পাৰিছো আপোনাৰ মানসিক অৱস্থাটো।
@hemashriskitchen
@hemashriskitchen 2 жыл бұрын
Kiman beya lage sage no gute life or memories lukai ase, but aji ghar tot thoka manuhbur nai ..... Heart touching 🏠home tour ever
@kukubharali2054
@kukubharali2054 2 жыл бұрын
ছোৱালী হৈ কিয় জন্ম হলো নিচিনা লাগে কেতিয়াবা লৰা হোৱা হলে সদায় মা দেউতাৰ ঘৰ খনতে থাকি গলো হয়🥺🥺
@ranjumonibora5588
@ranjumonibora5588 2 жыл бұрын
ইমান ধুনীয়া ঘৰটো আনৰ হাতলৈ যোৱাৰ বাবে আবেগিক হৈ পৰিছো আপোনাৰ লগতে মইও
@rupamsaikia3122
@rupamsaikia3122 2 жыл бұрын
বৰ ভাল লাগিল আপোনাৰ পুৰনি আপোন ঘৰৰ ভিডিঅটো দেখি। বহুত চকুপানীও মচিলো - আবেগিক হৈ গলো।
@meeraduarah5705
@meeraduarah5705 2 жыл бұрын
আপোনাৰ ঘৰৰ পৰিৱেশে অন্তৰ চুই গল। পৰিপূৰ্ণ ঘৰ এখনৰ কোলাহলে কোনোবা এটা কোণত চুই মনটো সেমেকাই থৈ গল
@nikhilphukan8279
@nikhilphukan8279 2 жыл бұрын
আপৈনালোকৰ ঘৰটো বৰ ধুনীয়া ।
@khusbuhazarika3384
@khusbuhazarika3384 2 жыл бұрын
বৰ দুখ লাগি গ'ল। হাঁহিটোৰ আঁৰৰ দুখবোৰ অনুধাৱন কৰিব পাৰিছো। ভালে থাকক ❤
@nivadoley3402
@nivadoley3402 2 жыл бұрын
I just crying.. Bht vaal lagil.. Moi emotional hoi goisu Baa.. Nibikake thibo pora hole vaal asil
@chandanagogoi2299
@chandanagogoi2299 2 жыл бұрын
জীৱনৰ বিয়লিবেলাৰ এই সত্যটো বৰ কষ্টকৰ 🥲🥲
@gitashreebhaskar9824
@gitashreebhaskar9824 2 жыл бұрын
ইম্মান ধুনীয়া ঘৰটো...পৰিৱেশ টোৱো বৰ মনোমোহা দেই...
@sunishakalita3615
@sunishakalita3615 2 жыл бұрын
Khub val lagil ba gharkhan dekhilu karane . Upai nai je ki koribo aru ? Ketiaba nijor khub maramr bastubor heruabo loga hoi poristhitir karane.
@manjuburagohainkalita8909
@manjuburagohainkalita8909 2 жыл бұрын
বহুত ভাল লাগিল। লগতে আপোনাৰ আৱেগ খিনি অনুভৱ কৰিব পাৰি মনটো দুখ লাগিল।। এটা সময়ত ময়ো যোৰহাট ত পঢ়া শুনাৰ কাৰণেআছিলো।।
@indranibhattacharjee1800
@indranibhattacharjee1800 2 жыл бұрын
your vlog made me sad and left me in tears. like you, I had to say goodbye to our small tinned roof Assam-type home. Now, though I live in an apartment with all modern comforts but still I miss each and every corner of the home. this vlog has left me as sad as you all are.
@krishnahazarika4388
@krishnahazarika4388 2 жыл бұрын
ঘৰটো বৰ ধুনীয়া,মা বিহীন শূন্যতা
@M00645
@M00645 2 жыл бұрын
It was such emotional moment seeing the home tour . Why we have to face such tough situation in life sometimes ? বৰ দুখ লাগিলে যেতিয়া তোমালোক তিনিজনীৰ ৰুম টো আৰু পাকঘৰ টো দেখোৱালা। ইমান বহল আহল পাকঘৰ , হাঁহি ফুৰ্তিৰে যেন সদায় মুখৰিত আছিল ।
@sangitakalita3782
@sangitakalita3782 2 жыл бұрын
বৰ দুখ লাগিল ভিডিঅ'টো চাই।
@mondirachutia5925
@mondirachutia5925 2 жыл бұрын
তোমাৰ ভিডিঅ টো চাই বহুত দুখ লাগিল দেই, কিন্তু ঘৰখনৰ পৰিবেশ টো চাই ভাল লাগিল,মই ও যোৰহাটৰ
@rimuboro5104
@rimuboro5104 2 жыл бұрын
Khundor Dhuniya Ghor...Bohut Mojja...
@parthaborah2984
@parthaborah2984 2 жыл бұрын
"মা"ৰ ঠাই কোনেও পুৰাব নোৱাৰে......আবেগিক হ'লো অলপ
@minatibordoloi3683
@minatibordoloi3683 2 жыл бұрын
বৰ আবেগিক হৈ পৰিলো সঁচাই আপোনাৰ মৰমৰ ঘৰখন দেখি,এদিন হয়তো পৰিস্হিতিৰ বস আমিও হব লাগিব,বহুত ধন্যবাদ থাকিল
@niharikasonowal312
@niharikasonowal312 2 жыл бұрын
বহুত ধুনীয়া ঘৰটো ।ঘৰটোৰ পৰিৱেশটো বৰ ভাল লাগিল।
@juridas4043
@juridas4043 2 жыл бұрын
বা তোমালোকৰ ঘৰ টো সঁচা য়ে বহুত ধুনীয়া
@নবনীতাশইকীয়া
@নবনীতাশইকীয়া 2 жыл бұрын
Amaru 3 joni suali...maa , papa..(horu prial..hukhi porial)..atia moi cmnt kora joni holu dngr joni..pohi asu class 10...val lagil tumar vdo sai...love from golaghat....💓
@swarnalimissong5010
@swarnalimissong5010 2 жыл бұрын
Vl lagil Mam . Dukhu lagil apunar kothabur huni .
@mridushmitaslifestyle569
@mridushmitaslifestyle569 2 жыл бұрын
ভিডিঅ'টো চাই কান্দি গ'লো বা।আমাৰো দুজনী ছোৱালী ক'ৰবাত নিজৰ ঘৰখনৰ ভৱিষ্যতটোকে দেখি গ'লো বহুত দুখ লাগিল
@ranjitadutta3854
@ranjitadutta3854 2 жыл бұрын
Nizor ghor nizore. Bahut dhuniya lagile ghorkhon sai. Nizor ghoroloi 3 bosor jabo paranai corona buli apunar ghorkhon sai nizor ghorkhonoloi monot aru porigoise. Homesick. Eibar sob bhale thakile jam ghoroloi. Apunar ghor khon sochai dhuniyake bonaisile apunar parents se. Bhal lagile.
@ChefBBsKitchen
@ChefBBsKitchen 2 жыл бұрын
Bhalkoi sai siti aahiba, bar beya xomoi
@uttambaruah130
@uttambaruah130 2 жыл бұрын
মই vidio তো আজি চালো, চাই ভাল লাগিল, আপোনাৰ আবেগ ক সহাৰি জনাইছোঁ,
@MS-bg5nk
@MS-bg5nk 2 жыл бұрын
বৰ ভাল লাগিল বা। আপোনাৰ ঘৰ আমাৰ নিচেই কাষতে বুলিব পাৰি। আমাৰ ন আলি চন্দন নগৰ অত। video তো চাই মোৰো মনটো সেমেকি গল, সঁচাই এইয়াই আমাৰ জীৱন। আপুনি উচুপি উঠিল শেষত।কেতিয়াবা আপোনালোকৰ জীয়ৰি, সৰু কালৰ মাহঁতৰ সৈতে photo album dekhabo বুলি আশা ৰাখিলোঁ ❤️❤️
@SabitaMudoi-ej2ne
@SabitaMudoi-ej2ne Ай бұрын
চাই কিবা বৰ দুখ লাগি গ'ল
@RamdhenuVlogs
@RamdhenuVlogs 2 жыл бұрын
বৰ দুখ লগা খন.. সৰুকাল বোৰ সকলোৰে মনত পৰি দুখৰপানী. নিগৰে..ধৰি ৰাখিব পাৰিলে বহুতে ভাললাগে. ... বা ডিফু আহিবা নেকি.. ৰৈ আছো
@nirugogoi5834
@nirugogoi5834 2 жыл бұрын
Val lagil ghar tu ba... Ata kotha bujisu kimn memories thaka ata ghar t horu pora dangor hua... Maa deuta logot... Bea lagil dekhi😪
@priyankaboratalukdar
@priyankaboratalukdar 2 жыл бұрын
কথাখিনি শুনি চকুপানী ওলাই গল I মোৰ ঘৰ শিৱসাগৰত আমি ছোৱালীদুজনী বিয়া হৈ বেলেগত থাকোঁ I মা দেউতা আছে ঘৰটো বহুত ডাঙৰ ফুল, পাচলি সকলোবোৰ কৰে I কিন্তু হয়তো কেতিয়াবা ময়ো আপুনাৰ নিচিনাকৈ ঘৰটো দেখুৱাব লাগিব l এই জীৱন 😔 বৰ ধুনীয়া ঘৰটো আপোনালোকৰ I ঘৰটো বেলেগৰ হলেও স্মৃতিবোৰ সদায় আপোনালোকৰ হৈ থাকিব I
@adrijabharali8067
@adrijabharali8067 2 жыл бұрын
ভাল লাগিল vlog টো চাই, কিন্তু অলপ দুখো লাগিল। বৰ্মা থাকোতে ঘৰখন পৰিপূৰ্ণ হৈ আছিল। কি কৰিবা এইয়াই জীৱন। বৰমাই বনোৱা আচাৰ খুব ধুনীয়া হৈছিল। গলে একো নোখোৱাকে আহিব নিদিয়ে। সঁচাই বৰ সাদৰী আছিল তেখেত।
@MegaRumu
@MegaRumu 2 жыл бұрын
বা ভাল লাগিল ভিডিঅটো চাই।। মই সৰুতে আপোনালোকক দেখা মনত আছে।।মোৰ মাৰ ঘৰ আপোনালোকৰ ওচৰতে হয়।।
@avantgarde2228
@avantgarde2228 2 жыл бұрын
Very beautiful ❤️❤️ Bhal lagil sai😊☺️
@pompykachari9301
@pompykachari9301 2 жыл бұрын
আটোম্-টোকাৰিকৈ সজা সুন্দৰ ঘৰ....ভাল লাগিল দেখি বা....
@jerrinamahboba6286
@jerrinamahboba6286 2 жыл бұрын
Aponar video bur saw bahut val lge..aponako bahut val lage..Ma deuta thoka ghar akhon pithibir eku bostur lagote compare nhoi ...Aponar Deuta vale thokar bahut bahut kamonare..🙏
@manuborah4135
@manuborah4135 2 жыл бұрын
বৰ আবেগিক হৈ পৰিলোঁ ।আমিও পুৰণি ঘৰ খন এৰি আহিছিলোঁ ।আজি সচাই আকৌ এবাৰ চকুলো টুকিলোঁ ।
@ritishagoswami242
@ritishagoswami242 2 жыл бұрын
ঘৰটো দেখি মোৰে বেয়া লাগি গৈছে।সময়বোৰ কেনেকৈ যে স্মৃতি হৈ যায়
@mondirabezborah9457
@mondirabezborah9457 2 жыл бұрын
Bhal lagile baa, Apuni dekhuwar babe.
@meenagogoiborgohain4170
@meenagogoiborgohain4170 2 жыл бұрын
Ghor khon dekhi bhalu lagil aru dukhu lagil...kintu upaitu nai jidore Ishware milai xeidore ami soliboi lagibo. Tothapi apunalukor papak maa obihone bhal dore rokhar sesta kom xukhor kotha nohoi. God bless you.
@mayuribora681
@mayuribora681 2 жыл бұрын
Ba, video tu Sai bohut dukho lagil,buku khon bekhai gol,karon muru Aden saga ankoia hobo,mur ba ajone acel beya hol,Moi beya huwa nai,bortoman ma dauta asa,Aden jode Moi beya hoi ulai jau,aru ma dutau jode pesot nathaka,amar ai dhunea ghor bari kuna sabo,muru centa hoi.aji eman dhunea koi rakhesu,Kali loi ba ki hobo ,vabilai soku pani ulai aha.Ba love you ❤️ God bless you 👍💐
@abhijitbora9404
@abhijitbora9404 2 жыл бұрын
বা বৰ দুখ লাগিল। আপোনাক আৱেগিকহোৱা দেখি চকুপানী ওলাই গ'ল। মানুহৰ জীৱন
@pritidevi9678
@pritidevi9678 2 жыл бұрын
Khub dhunia lagise.amar purana ghar tu jen lagise.
@suravibhuyan8376
@suravibhuyan8376 2 жыл бұрын
Ghartu dhunia.ghartu dekhi nijor agor dinburoloi monot pori dukh lagi gol.
@neetakalita7852
@neetakalita7852 2 жыл бұрын
First of all, I would like to ask you why do you want to sell it ? I know it’s your personal matter but I would like to ask you for preserving it , since there is a care taker why don’t you make it a guest house with bed and breakfast or service apartment kind of place , where known guests with good repute can stay for short duration in one or two rooms , keep one room for your family when you visit for holidays , nowadays everything is accessible and world has become so small , you can always video call your care taker or guests for any problem, but that is my opinion , you decide what is best for you and your family . I keep watching your recipes
@M00645
@M00645 2 жыл бұрын
Even the same thought came to my mind , a Home stay or Guest house . Can give it to a professional agency to Run it.
@Web3Pratibha
@Web3Pratibha 2 жыл бұрын
True...I felt the same...preserve it somehow...same kind of family we have too ..3 sisters parents no more but fortunately brother and sil (bhabi) are there to take care of our childhood home...can feel your pain and the lifelong moments turned into memories
@leenasaikia5909
@leenasaikia5909 2 жыл бұрын
Bor,dhunia apunar lukor ghor,mur memory buli kowte bea lagil,😥😥 love u 🥰🥰
@abhiruchichetia4401
@abhiruchichetia4401 2 жыл бұрын
Bahut dukh lagile video tu sai. Soku pani boi goise mur. Ghor khonot ma deuta nathakile eta belag anubhuti. Memories memories memories ❤❤❤❤
@phulpahibaishya6780
@phulpahibaishya6780 2 жыл бұрын
আপুনি আবেগিক হোৱা বাবে মনটো মোৰো ৱে‌য়া লাগিল ..
@happygoluckyhafi
@happygoluckyhafi 2 жыл бұрын
ভিডিঅ তু চাই মই আবেগিক হৈ গলো 😢😢😢 , নিজৰ ঘৰ টু লাগিলে সৰু জুপুৰীয়ে হওক বা অট্টালিকাই হওক সদায় মৰমৰ আৰু ঘৰ খনৰ লগত জড়িত হৈ থকা প্ৰতিটো স্মৃতি এ বৰ কৈ হেঁচা দি যায়, নিজানত বৰ কৈ মনত পৰে। আপোনালোকৰ চেনেল টু মোৰ আৰু মাৰ খুবেই প্রিয় , মা ও আবেগিক হৈ পৰিল আজি । মোৰ ঘৰ যোৰহাট তিতাবৰ ত , আপোনালোক যোৰহাট ৰ বুলি গম পোৱাৰ দিনাৰ পৰাই খুব আগ্ৰহেৰে বাট চাই থাকোঁ নতুন ভিডিঅ আপলোড কৰিছে নেকি ভাবি।
@ChefBBsKitchen
@ChefBBsKitchen 2 жыл бұрын
Titabor ot mama hatar ghar. Morom tumaloi
@happygoluckyhafi
@happygoluckyhafi 2 жыл бұрын
@@ChefBBsKitchen ধন্যবাদ বা, আপোনালোকলৈও বহুত বহুত মৰম থাকিল । আপুনি আগৰ ভিডিত ত কৈছিল তিতাবৰত আপোনালোকৰ আইতাৰ ঘৰ বুলি। মোৰ পিছে তিতাবৰ ন আলিতে ঘৰ ।
@aka.hikaru
@aka.hikaru 5 ай бұрын
Maa nothoka dukh tu kintu nuhuwa jonehe buje Tate akou ari thoi aha xorukalor ghor khon. Emotion jorito hoi thake
@bk_Kitchen
@bk_Kitchen 2 жыл бұрын
👍👍 val lagise....apunar loralir mitha mitha loga homoy bur aru moromr ghr khn dekhi....but olp beya o lagise je apunar ghr khn aru apunar hoi nathake....Indrani htk a dibo ne beleg kunubak dibo......??? Aru apulakor bostu bur ki koribo....???
@mouchuminath9050
@mouchuminath9050 2 жыл бұрын
শুনি দুখ লাগিল | চকুপানী ওলাই গল | কি কৰিব সময়ৰ আহ্বান মানিবই লাগিব |
@gitamonibora5677
@gitamonibora5677 2 жыл бұрын
সচাকে বৰ ধুনীয়া । ঘৰটো । আপোনাৰ শহুৰৰ ঘৰ ক'ত ? আপোনাক লগ পাবলৈ বৰ মন গৈছে । আমাৰ ঘৰ যোৰহাটৰ RRL ওচৰত । যোৰহাট ত আৰু কেইদিনমান থাকিব ?
@mayurigogoi7490
@mayurigogoi7490 2 жыл бұрын
বা সঁচাই তোমালোকৰ ঘৰ খন বৰ ধুনীয়া কাষতে নামঘৰ।বৰমা থকা হলে আৰু ধুনীয়া কৰি থলে হয়।
@barashachangmai7623
@barashachangmai7623 2 жыл бұрын
Such a treasure,I felt so emotional as we also don't stay in our old house anymore .At the end those memories are special which we'll carry in our heart forever💝
@kavitashyam2332
@kavitashyam2332 2 жыл бұрын
Really baa, it's an emotional video. Mur maar ghor u huruj nagar, Jorhat t, Bolia gohain pukhuri usorot nhoi ne? Video tu bohut bar saalu jana baa 😢
@fitandfinepakhi978
@fitandfinepakhi978 2 жыл бұрын
আজি বেয়া লাগিল বাবী বা। কিমান যে আবেগ আছে ঘৰটোত
@gouridaimary4940
@gouridaimary4940 2 жыл бұрын
Aamio dujoni bai bhoni, atiya kuno nai,bohut aabegik holo.
@JULIESCORNER
@JULIESCORNER 2 жыл бұрын
তোমাৰ video টো চাই আবেগিক হৈ গলো ,সচাকৈ কিমান যে স্মৃতি জড়িত হৈ আছে চাগে ন ঘৰখনৰ লগত ❤️
@aexgamer9014
@aexgamer9014 2 жыл бұрын
আপোনাৰ ঘৰখন চাই মোৰ বহুত দুখ লাগিল। ইমান ধুনীয়াকে হজোৱা ঘৰখনত আজি থাকিবলৈ মানুহ নাই ।
@chowkgogoisrt5355
@chowkgogoisrt5355 2 жыл бұрын
baa apunar e video tu sai soku pani ketea ulale gome nepalu je hok ke nohok bake akha korelu apunar poreyal sobore val 🙏 moy apunar 3 sisters sobore video bur sai thakun by by baa love u from Assam jagiroad
@madhurakshikhound1073
@madhurakshikhound1073 2 жыл бұрын
Moi xuruj nagar namghoror usorote last year asilu , ghor tu dekhi thakisilu, ajihe gom palu apunalukor ghor buli
@chandanahazarika2085
@chandanahazarika2085 2 жыл бұрын
বৰ সুন্দৰ ঘৰ দেই । ইমান ডাঙৰ আহল বহল।
@nibeditagoswami4123
@nibeditagoswami4123 2 жыл бұрын
Bor dhunia design r ghor Bhut bhal lagise dei...... memory bur xosakoi bhal lage..
@Dripedster13gamerz
@Dripedster13gamerz 2 жыл бұрын
প্ৰথমে কান্দি ললোঁ তাৰ পিছতহে comment কৰিলো। নিজৰ ঘৰখন বেলেগক দিলে কিমান কষ্ট হয় মই ভালকৈ অনুভৱ কৰিব পাৰো। মোৰো মা পাপা ঢুকুৱা পিছত এতিয়া ভাৰা দি থৈছোঁ। কেতিয়াবা গৈ বাৰণ্ডতে বহি কান্দি আহো।
@raktimkachari6070
@raktimkachari6070 2 жыл бұрын
I can feel your emotion. Sometimes it is hard to believe but we have no other choices as this is reality 😔. Don't be sad ba we are here for you ,in short we can say(A huge family👪) we all love you❤ . Take care of yourself and your family ✨ sending lots of love from titabar🌸
@ashimdeka4779
@ashimdeka4779 2 жыл бұрын
khubei dhuniya ghor khon, mur birat val lagil apunar ghor khon saboloi pai, muru jodi apunalukor dore ata ghor hol heten khub khukhi holu heten, ji hok apunar ghor khon khubei val lga, but bikir kori dibo buli jani he montut bor dukh paisu, mur sokur pani ulai goise, mur nijor jen lge apunak, apunar video bur moi khodai sai thaku, but comments he kora nasilu, i love you baaa*****////
@junalimoral8835
@junalimoral8835 2 жыл бұрын
A home turns only a house without a mother. Since your mother is no more, you should have given the house only for rent to a very nice family. Then also you can maintain the house same as you mother did by giving instructions to that family living there, like taking care of the large compound, cutting the weeds and the grasses, puting some flower pots around. You can paint the house and make it lively as before. You will feel as if your mother is still living there. Inside the house also you can do a lot of changes. Please don't let our beautiful house ruin 🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼
@ChefBBsKitchen
@ChefBBsKitchen 2 жыл бұрын
The person who is buying the house is very good, we know he will take care of our house. Papa does not live in Assam anymore. It’s very hard to find a good caretaker now a days !
@rumy1100
@rumy1100 2 жыл бұрын
Bht dhuniya lagise baa ghorkhon..apunar dukh lagise sage noh dekhi🥰🥰
@ankankishor
@ankankishor 2 жыл бұрын
সঁচাই এদিন সকলো ইতিহাস হৈ যাই।। সকলোৰে মঙ্গল কামনা কৰিলোঁ।।
@momihazarika413
@momihazarika413 2 жыл бұрын
Ba ghrtu biki kriba mane bht vl lagil video to Sai manuh ahise nki ghrtu sabloi
@AditiHubbyCookingVlogs
@AditiHubbyCookingVlogs 2 жыл бұрын
Val lagil dei baa 😊
@bollobbydutta4759
@bollobbydutta4759 2 жыл бұрын
মা বিহীন ঘৰ খনৰ কথা vabiayai দুখ লাগিছে।।। ধুনীয়া কৈ ৰাখিছে কিন্তু
@sidharthkashyap3511
@sidharthkashyap3511 2 жыл бұрын
There's no place in the world which is more beautiful than the place one lived in their childhood where there are countless and innumerable sweet and bitter memories one would cherish forever... ধন্যবাদ বা আপোনাৰ সৰু কালৰ ঘৰখন দেখুওৱা বাবে..♥️♥️খুব ভাল লাগিল চাই..
@purujitmahanta516
@purujitmahanta516 2 жыл бұрын
আবেগিক হৈ পৰিলোঁ দেখোন!! শৈশৱৰ স্মৃতি সমৃদ্ধ ঘৰটো আপোনালোকৰ হৈ নেথাকে, বৰ অসহনীয় নহয়নে?? নিজকে ভাগ্যবান বুলি ভাবিছোঁ, দেউতাহঁতে ১৯৭১ চনতে বনোৱা আমগুৰিৰ ঘৰটোত এতিয়াও আছোঁ। কুশলে থাকিব।
Officer Rabbit is so bad. He made Luffy deaf. #funny #supersiblings #comedy
00:18
Funny superhero siblings
Рет қаралды 18 МЛН
Зу-зу Күлпаш 2. Бригадир.
43:03
ASTANATV Movie
Рет қаралды 684 М.
Kluster Duo #настольныеигры #boardgames #игры #games #настолки #настольные_игры
00:47
Officer Rabbit is so bad. He made Luffy deaf. #funny #supersiblings #comedy
00:18
Funny superhero siblings
Рет қаралды 18 МЛН