Рет қаралды 652,417
কাৰ্বি আংলঙৰ ডকমকাত কেনেকৈ সংঘটিত হৈছিল সেই জঘন্য কাণ্ড। নিউজ লাইভৰ জ্যেষ্ঠ সাংবাদিক গৌৰৱজ্যোতি নেওগ ঘটনাস্থলীত উপস্থিত হৈ প্ৰত্যক্ষদৰ্শীৰ পৰা সংগ্ৰহ কৰিছে চাঞ্চল্যকৰ ভাষ্য। দুজনকৈ যুৱকক নৃশংসভাৱে হত্যাকৰা এই নাৰকীয়া কাণ্ডত জড়িত আছিল আলফা নামৰ এজন যুৱক। আলফা নামৰ যুৱকজনে ফোন কৰি নীলোৎপল আৰু অভিজিতৰ গাড়ী আৱদ্ধ কৰি ৰাখিবলৈ নিৰ্দেশ দিছিল। ইয়াৰ পিছত প্ৰায় ৬ জন ল’ৰাই গাড়ীখন আৱদ্ধ কৰি ৰাখিছিল। লগে লগে ঘটনাস্থলীত আন বহু লোক উপস্থিত হৈ যুৱক দুজনক প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰিছিল। ডকমকাত ঘটনাৰ প্ৰত্যক্ষদৰ্শীয়ে নিউজ লাইভৰ সন্মুখত দিছে এই চাঞ্চল্যকৰ ভাষ্য।
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for latest update of news: newslivetv.org/