Рет қаралды 299
আজি দুঃতৌৰ ৰঙানদী কেন্দ্ৰীয় আলি আঃয়ে লৃগাং লৃলেনত মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকোঁ । সচাকৈয়ে এই আঞ্চলিকভিত্তিত উদযাপন হোৱা অনুষ্ঠানখনত বহু গাৱৰ মানুহৰ একতা আৰু আন্তৰিকতা দেখি আপ্লুত হ'লোঁ । আজিৰ সভাত উদযাপন সমিতিৰ হৈ মালপানি পেগুদেৱে সভাপতি আসন গ্ৰহণ কৰে । লগতে মিগাং নিৰ্মল নৰহদেৱে সভাৰ উদ্ধোধনী ভাষণ প্ৰদান কৰে । অনুষ্ঠানত সন্মানীয় অতিথি দিচাপে মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু তথা নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক ড° ৰূপাঞ্জলী মৰাং বাইদেউ আৰু নিদিষ্ট বক্তা হিচাপে পূৱ দিক্ৰং মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক কমল মিলিদেৱে উপস্থিত থাকি ভাষণ প্ৰদান কৰে । লগতে বিশিষ্ট অতিথি আৰু আমন্ত্ৰিত অতিথি সকলে উপস্থিত থাকি মুকলি সভাখনি সৌষ্ঠৱ বৃদ্ধি কৰে ।
শেষত হীৰকজ্যোতি দলে , পৰিমল পেগু , ৰঞ্জন দলে , সৰ্বানন্দ টায়ুং , ভাস্কৰজ্যোতি পেগু , যোগেশ্বৰ চিন্তে তথা সমুহ ৰঙানদী পকনীয়া ৰাইজ আৰু সমুহ উদযাপন সমিতিক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো ।