@@updeshmala2737 bapp moi navhabo je shiva nirakar , apuni bhabise jodi aya apunar nijor kotha. shaktir abihone shivaiyo aku koribo nuare aru shivar abihone shaktiro aku satta nai .
@updeshmala27374 ай бұрын
@@himanshudutta609 শিৱ অবিহনে শক্তিয়ে একো কৰিব নোৱাৰে আৰু শক্তি অবিহনে শিৱইও একো কৰিব নোৱাৰে।আপোনাৰ কথাষাৰ সত্য। গতিকেই অৰ্দ্ধনাৰীশ্বৰ ৰুপত শিৱক পুজা হয়। কাৰণ শিৱৰ পৰাহে শক্তি শক্তিৰ পৰা শিৱ নহয়। যেনে পুৰুষ আৰু প্ৰকৃতি। দেহটোক প্ৰকৃতি বা শক্তি বোলা হয় আৰু আত্মাকেই পুৰুষ বোলা হয়। দেহ নহলে আত্মাৰ অস্তিত্ব নাই আৰু আত্মা নহলে দেহৰ অস্তিত্ব নাই। কিন্তু দেহৰ অৱসান ঘটিলেও আত্মাৰ অৱসান নঘটে। সেই একেই অৰ্থত শক্তি সদাই পুজনীয় কাৰণ শক্তি এটা পাত্ৰ কিন্তু শিৱ হৈছে বীজ। অৰ্থাৎ যদি বীজ নহয় ভূমিয়ে জন্ম দিব নোৱাৰে আৰু ভূমি নহলে বীজৰ পাতনি নেমেলে।কিন্তু সেই কাৰ্যা সাধনৰ বাবেই শক্তিৰ সৃষ্টি ।অৰ্থাৎ শিৱ শক্তি বেলেগ নহয় এক অৰ্দ্ধনাৰীশ্বৰ। শৈৱ সকলে অৰ্দ্ধনাৰীশ্বৰক বিশেষ মহত্ব দিয়ে। তেতিয়ালৈকে শাক্ত সম্প্ৰদায়ৰ সৃষ্টি হোৱা নাছিল। শৈৱ সম্প্ৰদায়হে আছিল। শাক্ত সম্প্ৰদায়ৰ সৃষ্টি ছয় হাজাৰ বছৰৰ পিছতহে হৈছিল। শাক্ত সম্প্ৰদায়ৰ চাৰিহাজাৰ পিছতহে বৈষ্ণৱ সম্প্ৰদায়ৰ সৃষ্টি।অৰ্থাৎ সৰ্ব প্ৰথম শিৱ শক্তিক শৈৱ সকলে একলগে পুজিছিল। পিছলৈ শাক্ত বৈষ্ণৱ বুলি প্ৰকাশ হল। শৈৱ সকলে শিৱ শক্তিক একেলগে উপাসনা কৰে যদিও পৃথকে বনোৱা শাক্ত সম্প্ৰদায়ক সন্মান কৰে আৰু দেৱী পুজাত অংশ গ্ৰহণ কৰে ।কিন্তু বলি বিধান নকৰে। জাত পাত উচ্চ নীচৰ স্হান নাই। গতিকেই ঔঁ নমঃ শিৱায় মন্ত্ৰেৰে সম্বোধন কৰা হয়। কাৰণ শিৱ আৰু শিৱা এক। পিছলৈ বৈষ্ণৱ সম্প্ৰদায় সকলে আহি আমাৰ ধৰ্মক বিকৃত কৰি জাত জাত পাত উচ্চ নীচ আৰম্ভ কৰে আৰু শৈৱ শাক্তৰ মূল দৰ্শনক বলি বিধানেৰে বিকৃত কৰি সনাতন ধৰ্মক বিনষ্ট কৰে। এইবোৰ মই কোৱা নহয়। ইতিহাস আৰু বুৰঞ্জীৰ পাতনিত স্পষ্ট প্ৰকাশ আছে। ঔঁ নমঃ শিৱায়।