Рет қаралды 132,152
তেওঁ ৬০০ টকাত হালোৱা খাতিছিল আনৰ ঘৰত ৷ কিন্তু এটা চৰে সলালে তেওঁৰ জীৱন ...
প্ৰশান্ত দাস নামৰ এজন যুৱকৰ কাহিনী এয়া ৷ দৰিদ্ৰতাৰ বাবে পঢ়া আধাতে সামৰি আনৰ ঘৰত হালোৱা হিচাবে কাম কৰিছল প্ৰশান্তই ৷ কিন্তু এদিন এটা সৰু কথাত গিৰিহঁতে কানতলীয়া চৰ সোধালে প্ৰশান্তক ৷ সেই চৰটোকে চেলেঞ্জ হিচাবে ল’লে প্ৰশান্তই ৷ আৰু ইয়াৰ পাছত দিনক ৰাতি কৰি আৰম্ভ কৰিলে ধনী হোৱা চেষ্টা ৷ কেতিয়াবা আনৰ দোকানত চেলচমেন কৰিছে , কেতিয়াবা মাছৰ বজাৰত মাছ বিক্ৰী কৰিছে ৷ এনেদৰে এতিয়া ডেৰকোটি টকাৰ ব্যৱসায়ৰ স্বত্তাধিকাৰী প্ৰশান্ত ৷
উত্তৰ লখিমপুৰ চহৰৰ এই ব্যৱসায় জনৰ জীৱনলৈ শেহতীয়াকৈ কৰ’নাৰ লকডাউনে কঢ়িয়াই আনিছে ঘোৰ প্ৰত্যাহ্বান ৷ তথাপি তেওঁ থমকি ৰোৱা নাই।